ফৈজ আহমদ ফৈজৰ উৰ্দু কবিতা "হম দেখেংগে"ৰ অসমীয়া ৰূপান্তৰ

আমি দেখিম সেইদিন

(পুলক জ্যোতি শৰ্মা)

আমি দেখিম সেইদিন

নিশ্চয়কৈ আমি দেখিম, দেখিম সেইদিন

প্ৰতিশ্ৰুত সেইদিন

সময়ৰ ফলিত আমালৈ লেখি ৰখা সেইদিন


যিদিনা দৌৰাত্ম্যৰ সেই বিশালকায় পৰ্বত

বতাহত তুলা উৰাদি উৰি যাব

আমাৰ ভৰিৰ তলৰ - আমি নিষ্পেষিতৰ ভৰিৰ তলৰ পৃথিৱীত

হ'ব ধৰধৰকৈ মহাকম্পণ

আৰু শোষক শাসকৰ শিৰত

কৰ্ কৰ্ কৈ পৰিব বজ্ৰপাত


যেতিয়া ঈশ্বৰৰ সভাত

সকলো কথাৰ সঠিক নিষ্পত্তি হ'ব

উপাসনা গৃহৰ পৰা মিথ্যাৰ মূৰ্তিবোৰ উচ্ছেদিত হ'ব

পূজাৰ থলিৰ পৰা অতদিনে বাৰিত আমিবোৰক

যথাৰ্থ আসনত উপবিষ্ট কৰোৱা হ'ব

অহংকাৰৰ মুকুটবোৰ দলিয়াই দিয়া হ'ব

ভেমৰ উচ্চাসনবোৰ বগৰাই পেলোৱা হ'ব


হৃদয়ত উপবিষ্ট হ'ব মাথো সেইজনা

যি অদৃশ্য অথচ সৰ্ববিৰাজমান

যি সত্য শিৱ সুন্দৰ

নিনাদিত হ'ব পৰম সত্যৰ ধ্বনি

যি নিনাদ তুমিও আৰু ময়ো

আৰু প্ৰতিষ্ঠিত হ'ব সুন্দৰৰ দিন

যি সুন্দৰ তুমিও আৰু ময়ো


--------------------------------------------

Hum Dekhenge

(Faiz Ahmed Faiz)

Hum dekhenge

Lazim hai ke hum bhi dekhenge

Wo din ke jis ka wada hai

Jo lauh-e-azl mein likha hai


Jab zulm-o-sitam ke koh-e-garan

Rooi ki tarah ur jaenge

Hum mehkoomon ke paaon tale

Ye dharti dhar dhar dharkegi

Aur ahl-e-hakam ke sar oopar

Jab bijli kar kar karkegi


Jab arz-e-Khuda ke kaabe se

Sab but uthwae jaenge

Hum ahl-e-safa mardood-e-harm

Masnad pe bethae jaenge

Sab taaj uchale jaenge

Sab takht girae jaenge


Bas naam rahega Allah ka

Jo ghayab bhi hai hazir bhi

Jo manzar bhi hai nazir bhi

Utthega an-al-haq ka nara

Jo mai bhi hoon tum bhi ho

Aur raaj karegi Khalq-e-Khuda

Jo mai bhi hoon aur tum bhi ho



********